Diseases: The Spotlight Syndrome
Rajumoni Shaikia
How are you dear,
Did you ask yourself about yourself ?
How much happiness is left in your heart so far?
How many days have you been embarrassed by how much grief?
Yes, it is my question to you . I am questioning you.
To a lesser extent we are all suffering from a terrible disease .
Always
the beauty , the hair style, colour of lipstik, uses of eyelinner ,
the quality of laughing , the twinkling of eyes and the style of walking
is compared and criticised by us.
--- These are the symptoms of a disease which goes by the name of Spotlight Syndrome.
This is where we weigh our lives,
Divide people into castes, rich and poor, blacks and whites, religions, gods, places of worship, etc .;
--- People may get sick when the disease ages
This is because we dream of crores of rupees, honour the rich and powerful with the prestigious Gamusa Seleng.(Cloth).
These are the people who go on pilgrimage to by their sinful earning ; They are very sick.
George Floyd was killed in the United States because of such illness,
The heart of sabotaged people burns , they start to protest with unsocial activity to get their freedom.
This is because of the fact that it is the only way to get rid of this disease.
Only
a person suffering from this disease can drink the blood of a human
being. They are even unaware about the colour of blood .
The Upanishads may have known that the disease would occur,
The infallible nectar of truth was written-- 'Such a day will be come, only a rebuked untruthful man will be worshipped.'
Man is the son of Amrit.
The human being who lives among every human being becomes the idol of humanity.
Where there are no stars, there is no sky .
Some of the infected people are same as.
When
the disease turns chronic, people are unaware of the corpse of the man
who died of starvation. When the disease turns chronic,
the man suffers from dementia .
He destroys the foundation of humanity.
How are you dear,
Did ever ask yourself about yourself ?
How much happiness is left in your heart so far?
How many days have you been embarrassed by how much grief? Did you read about your death lines anywhere,
How long does it take for a person to live in the palm of his hand before he dies?
Yes, I'm asking you,
That's you to answer yourself.
ৰোগ: স্পটলাইট চিন্ড্ৰম
ৰাজুমনি শইকীয়া
তুমি বাৰু কেনে আছা?
সুধিছানে নিজকে কেতিয়াবা?
হিচাপ কৰি চাইছানে কিমান সুখ জমা ৰ’ল আজিলৈকে তোমাৰ বুকুত?
কিমান দুখত তুমি বিব্ৰত হৈছিলা কিমান দিন?
হয়, মই তোমাকেই সুধিছো ৷
আমি
সকলো কমবেছি পৰিমানে এটা ভয়ানক ৰোগত আক্ৰান্ত হৈ আছো অহৰহ ৷ এই যে কোন
কিমান ধুনীয়া, হেয়াৰ ষ্টাইল কাৰ কেনেকুৱা, লিপষ্টিক- আইলিনা কোনে কিমান
ঘঁহে , হাঁহিটো কাৰ ধুনীয়া, কাৰ কাৰ চকুৱে কথা কয়, খোজকাঢ়ে কোনে ক’ত
কেনেকৈ
---এইবোৰ একো একোটা ৰোগৰেই লক্ষণ আৰু তাৰ নাম স্পটলাইট চিন্ড্ৰম ৷
এই যে তুলাচনীত আমি আমাৰ জীৱন জোখো,
ভাগ
ভাগ কৰো মানুহে মানুহক জাত-পাত,ধনী- দুখীয়া, ক’লামানুহ- বগামানুহ, ধৰ্ম
,ভগৱান, উপাসনাস্হল আদিৰে ; ---ৰোগটো পুৰণিহ’লেই হয়তো এনেকুৱাই কৰে মানুহে
!
এই যে আমি দেখো কোটি টকাৰ সপোন, ধনৱান-ক্ষমতাশীল বাবেই যে
অপাত্ৰ-অমানুহৰ ডিঙিত আৰি দিওঁ গামোছা-চেলেং,
এই যে পাপৰ ধন লৈ তীৰ্থ ঘুৰে মানুহবোৰ; সিহঁত নিতান্তই ৰোগীয়া ৷
এই ৰোগত মানুহ আক্ৰান্ত বাবেই আমেৰিকাত জৰ্জ ফ্লয়ডক মৰিয়াই মাৰিলে পুলিছে,
এই ৰোগত মানুহ আক্ৰান্ত বাবেই প্ৰতিবাদত মানুহে জ্বলাই দিয়ে দেশে -দেশে দেশৰ সম্পদ,
এই ৰোগত ৰোগাক্ৰান্ত মানুহেই শুহি খাব পাৰে মানুহৰ তেজ ৷ তেজৰ কি ৰং নাজানে সিহঁতে !
এইৰোগ হ’ব বুলি জানিছিল হয়তো উপনিষদে,
লিখিছিল অকাট্য অমৃত সত্য--' এনে দিন আহিব এদিন সততা হ’ব তীৰস্কৃত অসত্যক মানুহেই কৰিব পুজা ৷’
মানুহ অমৃতৰ পুত্ৰ ৷
প্ৰতিজন মানুহৰ মাজত মানুহ জীয়াই থাকে মানৱতাৰ প্ৰতিমা হৈ ৷
য’ত তৰা নাই , সেয়া আকাশ নহয় ৷ ৰোগাক্ৰান্ত একাংশ মানুহ তেনেকুৱাই ৷
ৰোগ যাৰ পুৰণি হয় ,
নেদেখে তেওঁ ভাত ৰুটিৰ অভাৱত মৰা মানুহৰ শৱ ৷
ৰোগ যাৰ পুৰণি হয় ,
তেওঁ ভূগি থাকে ডিমেনচিয়াত ৷ মানুহ নেদেখে তেওঁ, ভাঙে মাথো মানৱতাৰ বুনিয়াদ ৷
তুমি বাৰু কেনে আছা?
সুধিছানে নিজকে কেতিয়াবা?
হিচাপ কৰি চাইছানে কিমান সুখ জমা ৰ’ল আজিলৈকে তোমাৰ বুকুত?
কিমান দুখত তুমি বিব্ৰত হৈছিলা কিমান দিন?
হাতৰ তলুৱাৰ ৰেখাত পঢ়িছানে কটমান দীঘলীয়া নিজৰ আয়ুস মৃত্যুৰ আগে পাছে ?
হয়, মই তোমাকেই সুধিছো,
তোমাকেই ৷